AS/Prabhupada 0003 - মতাও তিৰোতা



Lecture on SB 6.1.64-65 -- Vrndavana, September 1, 1975

তাম এৱ তোষয়াম আশ
পিতৃয়েনাৰ্থেনা যাৱতা
গ্ৰাম্য়াইৰ মনোৰমাইহ্ কামইহ্
প্ৰসীদেতা যথা তথা
(শ্ৰীমদ্ ভাগৱত ৬.১.৬৪)

গতিকে নাৰীগৰাকীক দেখাৰ পাছত, তেওঁ সদায় ধ্যান কৰিছিল, চৌবিশ ঘন্টা, লক্ষ্যবস্তুৰ বিষয়ে, কাম অভিলাষাৰ্থে। কামাইস্ তইছ তইৰ হৃত-জ্ঞানাহ্ (ভগৱদ্ গীতা ৭.২০) যেতিয়া কোনো ব্যক্তি কামাতুৰ হয়, তেতিয়াই তেওঁ সকলো বুদ্ধি হেৰুৱাই পেলাই। সমগ্ৰ বিশ্বই এই কাম অভিলাষ ৰ ভিত্তিতে চলি আছে। এয়াই ভৌতিক জগত। আৰু যিহেতু মই কামাতুৰ, তুমি কামাতুৰ, আমি সকলোৱে, গতিকে যেতিয়াই মোৰ অভিলাষ পূৰণ নহয়, তোমাৰ অভিলাষ পূৰণ নহয়, তেতিয়া মই তোমাৰ শত্ৰু হৈ পৰোঁ, তুমি মোৰ শত্ৰু হৈ পৰা। তুমি বৰ ভাল অগ্ৰগতি কৰাটো মই দেখিব নোৱাৰোঁ। মই বৰ ভাল অগ্ৰগতি কৰাটো তুমি দেখিব নোৱাৰা। এয়াই ভৌতিক জগত, ঈৰ্ষা, কাম অভিলাষ, কাম, ক্ৰোধ, লোভ, মোহ, মাৎসৰ্য। এয়াই ভৌতিক জগতৰ ভেটি।

গতিকে তেওঁ হৈ পৰিল... প্ৰশিক্ষণ এনেকুৱা আছিল যে তেওঁ ব্ৰাহ্মণ হ'বলৈ প্ৰশিক্ষণ লৈছিল। সাম, দাম, পিছে তেওঁৰ অগ্ৰগতি ত বাধা ওপজিল এগৰাকী নাৰীৰ প্ৰতি আসক্ত হোৱাৰ বাবে। সেয়েহে বৈদিক সভ্যতা অনুসৰি, নাৰীক আধ্যাত্মিক প্ৰগতিৰ পথত বাধা হিচাপে গণ্য কৰা হয়। সমগ্ৰ মূল সভ্যতাটো হ'ল কিদৰে... নাৰীক আতৰাই চলিব পাৰি... এইটো নাভাবিবা যে কেৱল নাৰীয়েই নাৰী। পুৰুষো নাৰীয়েই হয়। এইটো নাভাবিবা যে নাৰীক গৰিহণা দিয়া হৈছে, পুৰুষক দিয়া হোৱা নাই। নাৰী অৰ্থাৎ উপভোগ্য, আৰু পুৰুষ অৰ্থাৎ উপভোক্তা। গতিকে এই বাসনা, এই বাসনাক গৰিহণা দিয়া হৈছে। যদি মই এগৰাকী নাৰীক উপভোগ্য দৃষ্টিৰে চাওঁ, গতিকে মই পুৰুষ। আৰু যদি নাৰীয়েও অন্য এগৰাকী পুৰুষক উপভোগ্য দৃষ্টিৰে চাই, তেন্তে তেওঁ ও এগৰাকী পুৰুষ। নাৰী অৰ্থাৎ উপভোগ্য আৰু পুৰুষৰ অৰ্থ হ'ল উপভোক্তা। গতিকে যিয়েই উপভোগৰ বাসনা কৰিছে, তেওঁ য়েই পুৰুষ। গতিকে ইয়াত দুয়ো লিঙ্গৰ ব্যক্তিৰ কথাই কৈছে... সকলোৱে পৰিকল্পনা কৰি আছে, "মই কেনেকৈ উপভোগ কৰিম?" সেয়েহে তেওঁ পুৰুষ, কৃত্ৰিমভাৱে। অন্যথা, প্ৰকৃতাৰ্থত, আমি সকলো প্ৰকৃতি, জীৱ, নাৰীয়েই হওঁঁক বা পুৰুষেই হওঁক। সেইটো বাহ্যিক পৰিধান।